উৰিয়ামঘাটৰ ছজনকৈ লোকৰ কয়লাখনিত জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যু। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত।
A/N:-সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ নাগালেণ্ডৰ ৰুচেইন ভিলেজৰ কয়লা খনিত অঘটন। কৰ্মৰত অৱস্থাতে কইলা খনিৰ ভিতৰত অগ্নিকাণ্ড সংঘটিত হৈ নিহত অসমৰ ৬জনকৈ শ্ৰমিক, আহত ৪ জন ।
VO1: ২৫ জানুৱাৰী বৃহস্পতিবাৰে উষা জিলাৰ ভাণ্ডাৰি মহকুমাৰ ৰুচেইন ভিলেজৰ কয়লা খনিত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। কয়লা খনিত কৰ্মৰত অৱস্থাতে প্ৰায় তিনি/চাৰিশ তলত মিঠেইন গেছ নিৰ্গত হৈ জীৱন্তে অগ্নিদগ্ধ হৈ ৬জন লোক মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে অগ্নিদগ্ধ হৈ মৃত্যুৰে যুঁজিছে আন ৪ জন। আহত লোক সকল বৰ্তমান ডিমাপুৰত চিকিৎসাধীন হৈ আছে। নিহত আহত আটাইকেইজন লোক সৰুপথাৰ উৰিয়ামঘাট অঞ্চলৰ। নিহত লোক কেইজন ক্ৰমে উৰিয়ামঘাট সোণাপুৰ গাৱৰ মজিবুল আলি (৪০), কমল ছেত্ৰী, বিশাল থাপা আৰু দল বাহাদুৰ ছেত্ৰী, উৰিয়ামঘাট দেৱীপুৰ গাঁৱৰ বিক্ৰম ৰয় আৰু উৰিয়ামঘাট দয়ালপুৰ গাঁৱৰ খৰ্ক বাহাদুৰ ছেত্ৰী। গুৰুতৰভাৱে অগ্নিদগ্ধ হৈ মৃত্যুৰে যুঁজি থকা ৪ জনৰ ভিতৰত তিনিজন হল ছাজন ছেত্ৰী, ৰমেশ ছেত্ৰী ঘৰ সোণাপুৰ আৰু সন্তোষ ছেত্ৰী, ঘৰ ধনপুৰ । গুৰুতৰভাৱে আহত আন এজন লোকৰ এতিয়াও পৰিচয় উদ্ধাৰ হোৱা নাই।
VO2 : ইফালে নিহত শ্ৰমিক সকলক বৃহস্পতিবাৰে সন্ধিয়াই পৰিয়ালৰ লোকে নাগালেণ্ডৰ পৰা লৈ আনে নিজ গৃহলৈ আৰু নিশাৰ ভাগতেই আৰক্ষী উপস্থিত হৈ মৃত ব্যক্তি সকলক মৰোনোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে।
শুক্ৰবাৰে বিয়লি মৃত ব্যক্তিসকলৰ ঘৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু চৰকাৰৰ তৰফৰ পৰা সহায় কৰাৰ আশ্বাস দিয়ে।
0 Comments