Header Ads Widget

Responsive Advertisement

Assu news today


কেবিনেটে মাধ্যম সম্পৰ্কত লোৱা সিদ্ধান্তৰ বিৰোধীতাৰে আছুৰ চাইকেল ৰেলী

A/N:শনিবাৰে পুনৰ গৰজি উঠিল সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থা। অসম চৰকাৰে মাধ্যম সম্পৰ্কত লোৱা কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰি সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই আজি শতাধিক ছাত্ৰ=ছাত্ৰীক লৈ সৰুপথাৰ নগৰৰ শ্বহিদ বেদীৰ সমীপৰ পৰা নগৰৰ মাজেদি এক চাইকেল ৰেলী সম্পন্ন কৰে। তেওঁলোকে মাধ্যম সম্পৰ্কত অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তক তীব্ৰ গৰিহনা দিয়ে আৰু অসম চৰকাৰ হায় হায়, ৰণোজ পেগুৰ কাম নাই, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ ইত্যাদি চৰকাৰ বিৰোধী শ্লোগানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে। লগতে ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়টো ইংৰাজী মাধ্যম কৰিবলৈ লোৱা কেবিনেটৰ সিদ্ধান্তক বাতিল কৰিবলৈ দাবী জনাই।


 

Post a Comment

0 Comments

Sarupathar Live