সৰুপথাৰত আহোম ৰজা দিনৰ নাগমাৰি উদ্ধাৰ।
সৰুপথাৰত উদ্ধাৰ হল আহোম ৰজা দিনৰ নাগমাৰি। সৰুপথাৰ নগৰৰ ৩নং ৱাৰ্ডত থকা ৰজাপুখুৰীত সৰুপথাৰ পৌৰসভাৰ অধীনত তথা ভাৰত চৰকাৰৰ অম্ৰোট ২ আঁচনিৰ এটি পুখুৰী খনন কাৰ্য চলি আছিল। পুখুৰীটো খান্দি থাকোতেই মাজভাগত উদ্ধাৰ হল এই নাগমাৰি। জানিব পৰা তথ্য অনুসৰি এই নাগমাৰি আহোম ৰজাসকলে বৃহৎ আকাৰৰ পুখুৰী খান্দোতে মাজভাগত পুতিছিল। এই নাগমাৰিডাল সৰ্বসাধাৰণতে শাল কাঠৰ হয়। উপৰৰ ফালে সাপৰ ফেনাৰ দৰে আৰু তলফালে জোঙা আকৃতিৰ থাকে। উপৰৰ ফালে সাপৰ ফেনাৰ দৰে হোৱা বাবেই এই মাৰিডালক নাগমাৰি বুলি কোৱা হয়। নাগমাৰিডালত কিছুমান পুৰণ চিন সদৃশ লোৰ থাকে। যাৰ ফলত তলৰ পৰা নিগৰি পানী ওলাই থাকে। সেইবাবেই ৰজাদিনীয়া পুখুৰী বিলাকৰ পানী নুশুকাই। কিছু কিছু বুৰঞ্জী বিদৰ মতে আহোম ৰজাসকলে এই পুখুৰী বিলাক সৌন্দৰ্যবৰ্ধন, খোৱা পানী যোগান আৰু সীমান্ত অঞ্চলৰ চিন স্বৰূপে খান্দিছিল। পুখুৰী বিলাকৰ পাৰ বিলাক মজবুতকৈ বান্ধিছিল। সৰুপথাৰত তেনেকুৱা এটা আহোম ৰজাদিনীয়া সম্পদ উদ্ধাৰ হোৱা বাবে সকলো আনন্দিত হৈ পৰিছে। পৌৰপতি উষা আগৰৱালাই জনোৱামতে এই নাগমাৰিডাল উদ্ধাৰ হোৱা স্থানডোখৰত উদ্যান নিৰ্মাণ কৰি সজাই পৰাই পৰ্যটন স্থলীলৈ ৰূপান্তৰ কৰাৰ কথা চিন্তা কৰিছে। অৱশ্যে সেই সন্দৰ্ভত বিতং আলোচনাৰো প্ৰয়োজন আছে বুলি উল্লেখ কৰে।
0 Comments