সৰুপথাৰত টেঙাহোলা আৰু মৰাণ গাঁওবাসী মহিলাসকলৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে টাইগাৰ ক্লাৱ প্ৰাঙ্গনত জয়া দিৱস উদযাপন কৰে। পতাকা উত্তোলন আৰু বৃক্ষৰোপণ কাৰ্যসূচীৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোত চিত্ৰাংকন প্ৰতিযোগিতা, ৰচনা, পৰম্পৰাগত সাজ পোছাকৰ প্ৰতিযোগিতাকে ধৰি মহিলাসকলৰ মাজত বিভিন্ন ধৰণৰ খেল=ধেমালিৰ আয়োজন কৰে। কাৰ্যসূচীৰ শেষত ডনি সন্দিকৈৰ পৰিচালনাৰে মহিলাসকলে "জয়া" এক নীৰৱ সংযোগ নামেৰে এখনি একাংকিকা নাট মঞ্চস্থ কৰে। জয়মতীৰ আত্মবলিদান, আদৰ্শ আৰু স্মৃতিক চিৰযুগমীয়া কৰি ৰখাৰ লক্ষ্যৰে উদযাপন কৰা অনুষ্ঠানটোত আৰম্ভনিৰে পৰা ধনশিৰি মহকুমাৰ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
0 Comments